Followers

Pages

Assamese shayari মিঠা অনুভূতি

       


 মিঠা  অনুভূতি

আহিনৰ শেৱালিৰ সুৱাসেৰে
নিয়ৰৰ দুবৰিৰ
                      দলিচাৰে
তুমি আহিছিলা
         দীঘলকৈ ওৰণি টানি
পদূলিৰ তল সৰা
শেৱালি গচকি
জোনাকৰ এটি মিঠা
মাদকতা সনা গধূলি!

নিশাৰ থুপি থুপি
           তৰা ভৰা আকাশখনি
দেহ মন  শাত পৰি যোৱা
এছাটি কুমলীয়া বতাহে
           চুই যায় মিঠা অনুুুভূতি !!
Previous
Next Post »